Friday, March 3, 2017

Assamese Mash-Up Poetry

Assamese Mash-Up Poetry 003

তোৰেই কবিতা লিখোঁ তোকে সপোনত দেখোঁ

মুঠি-মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি
আজাৰৰ আন্ধাৰত তয়ে বেচ
[নহলেনো বাৰু মৰোঁ বুলি নৰ্জিলে জীলে খাব কি]
দেশে দেশে দেশ আছে
বাই তোৰ কোন গাঁৱত ঘৰ
অচিনাকি মই তোৰ তইতো আপোন মোৰ
মই তোৰ জীৱনৰ কবি

কাৰণ মইতো থাকোঁ সেই নগৰতে
ছালৰ মোনাত মই বাটে বাটে পানী বেচোঁ
দেহৰ হুলত এতিয়া মোৰ
লাগি আছে মাটিৰ কোলাহল

এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ?

Mash-Up Artist: সমুদ্ৰ কাজল শইকীয়া
QUIZ: মূল কবিতা সমূহ চিনাক্ত কৰক [*শুদ্ধ উত্তৰৰ বাবে পুৰস্কাৰ আছে]

[টোকা- #AssameseMashUpPoetry কাণখোৱাৰ উৎসৱ প্ৰতি শণিবাৰে উদযাপিত হয়]


*

Assamese Mash-Up Poetry 002:

[ক]
প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
সেইবুলি নুৰুবানে
সোন্দাকলৰ পুলি

[খ]
কোনে জানে
তেওঁ আৰু
এই জন্মত আহিবনে নাহে
অঘৰী প্রেমিকজনে আহি
বিচাৰিব যেনি-তেনি

[গ]
শূন্যতাৰ হাতৰপৰা সৰি পৰিল
দিনৰ হিৰণ্ময় হৃদয়-পাত্র
তুমিতো জানাই এই কবিৰ আৰু একো নাই

*
Assamese Mash-Up Poetry 001: এন্ধাৰ

হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নি-কণাৰে নুমাই দিয়া
ৰাজকাৰেঙৰ শলিতাৰ জুই । দুষ্মন্তৰ ভাগক স্বপ্ন।
পোহৰতকৈ এন্ধাৰ ভাল।
এন্ধাৰৰ ৰূপ এটা সঁচায়ে আছে
চকু মেলি থাকিলেও চকু মুদি দেখাৰ দৰেই লাগে
এন্ধাৰ তলাতল ভাঙি আহে পাখিলগা শব্দ
সৰি যাব খোজা ফুল মোৰ ভাল লাগে
ততোধিক ভাল লাগে অস্তগামী সূৰ্য;
এটি দুটি কৰি পমি য'ক পোহৰৰ মণি
এন্ধাৰত; স্বৰ্গ কক্ষচ্যুত, স্বৰ্গ দূৰগামী।
সন্ধিয়া আহিছে নামি? থক হেৰা নেলাগে জ্বলাব চাকি;
তাতোকৈ ব'লা এন্ধাৰতে বহোঁ।

Mash-Up Artist: সমুদ্ৰ কাজল শইকীয়া
Poets: হেম বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, দেৱকান্ত বৰুৱা
QUIZ: মূল কবিতা সমূহ চিনাক্ত কৰক [*শুদ্ধ উত্তৰৰ বাবে পুৰস্কাৰ আছে]

[টোকা- #AssameseMashUpPoetry কাণখোৱাৰ উৎসৱ প্ৰতি শণিবাৰে উদযাপিত হ'ব] 



No comments:

Post a Comment