কাৰো বাবে কোনো নমৰে জানো, তথাপি পিছে তোমাক নেপালে
মই মৰি যাম বুলি এবাৰ হ’লেও কোৱাটো জৰুৰী
অনন্ত প্ৰেমত আমাৰ আস্থা নাই। সময়ৰ পৰিধি
ভেদি যাব পৰা একো নাই। তথাপি মই তোমাৰ হৈ সদায়ে
থাকিম বুলি এবাৰ হ'লেও কোৱাটো জৰুৰী, সেয়ে নহ’লে
বিচ্ছেদৰ সময়ত স্মৃতিহীনতাত ভোগাৰ প্ৰতীতি
যন্ত্ৰনা নাই। আমি সকলোবোৰেই একো একোটা স্মৃতি
বা স্মৃতিসমষ্টি মাত্ৰ। স্মৃতি। আন কাৰোবাৰ, অথবা নিজৰে।
স্মৃতি নিৰ্মাণৰ ব্যতিৰেকে জীৱনৰ একো মানেই বিচাৰি নাপাওঁ দেখোন
তুমি নথকাৰ কালত তোমাৰ স্মৃতিও নাথাকিলে সেয়াহে পৰম শূণ্যতা
ব্ৰহ্মাণ্ডখন নহয়। কাহানি যদি এদিনৰ বাবেও ধৰা মোৰ হাতখন
মানি ল’বা দেই - সেই এটা মাত্ৰ দিনতেই আমাৰ সমগ্ৰ জীৱন একোটা।
জানো এই পৃথিৱীত কোনোৱে কাৰো নহয়, তথাপিও এবাৰ কৈ চোৱাচোন
তুমি মোৰ আৰু তোমাৰ মই। এবাৰ মুখ খুলি কোৱাটো এটা আৱশ্যকতা।
[চনেট]

No comments:
Post a Comment