ফুল ফুলে কষ্টত। আনন্দত নহয়।
যেতিয়া চৌদিশ ধূলিয়ৰি। শুকাই কাতৰ মাটি।
পিংগলে গ্ৰাস কৰি আহে সেউজীয়া ক্ৰমশ:
মুমূৰ্ষু যেতিয়া প্ৰতিটি পাত
সেই যন্ত্ৰনা কাতৰ অবিন্যস্ত বতৰতে ফুলে ফুল
নিৰস হৈ পৰা মাটিৰ কোন নিভৃত কোণৰ পৰা
টানি আনে ইমান বিচিত্ৰ ৰঙৰ সম্ভাৰ
শুকান বতাহতো ক’ত বিচৰি পায় ইমান কোমল পৰশ
দেই পুৰি নিয়া ৰ’দৰ পৰাও কেনেকৈ সঞ্চয় কৰে ইমান ৰঙা
কিন্তু তেনেকৈয়ে ফুলে ফুল কষ্টত। আনন্দত নহয়
সেই ফুল ফুলিবৰ দুৰ্বাৰ বাসনাতে ফাগুণৰ এদিন
বিগলিত হয় আকাশ
সেই ফুলে নিজৰ অভ্যন্তৰৰ সংগ্ৰামক বহিৰ্বিশ্বলৈ উলিয়াই দি
আকাশখনকেই যেতিয়া পুৰি পেলাব খোজে
সেই আহ্বান শুনিয়েই সঞ্চাৰ হয় নতুনৰ প্ৰাণ
কেলঢোপ কেলঢোপ জীৱনলৈ দলদোপ হেন্দোলদোপ উছাহ আহে
এপাহ ফুল ফুলাৰ যন্ত্ৰনাৰ বিনিময়ত।
আনন্দ ৰস সাগৰৰ যি জোৱাৰ আজি দেখিছা, দেখি যদি ভাবিছা
ফুল মানেই আনন্দ
তেনেহ’লে ভুল ভাবিছা
এপাহো ফুল ফুলা দেখা নাই ফাগুনৰ নিছক বিলাসিতাত
ফুল ফুলে কষ্টত। যাতে আনন্দত
তোমলোকে নাচিব পাৰা উছৱমুখৰ বসন্তত।
এপাহ ফুল ফুলি উঠা মানেই এটা দুৰ্বাৰ বিপ্লৱ ঘটি উঠা।
এটা বৈপ্লৱিক অভিবাদন গ্ৰহণ নকৰাকৈ ফুল ভাল পাওঁ বুলি ফুল ফুলে কষ্টত। যাতে আনন্দত
তোমলোকে নাচিব পাৰা উছৱমুখৰ বসন্তত।
এপাহ ফুল ফুলি উঠা মানেই এটা দুৰ্বাৰ বিপ্লৱ ঘটি উঠা।
ক'ব পাৰিবা জানো? যাছিবা জানো ফুলৰ তোড়া
বিলাসী বৈঠকী আয়োজনত?

No comments:
Post a Comment