পানীৰামৰ কথাত তোমালোকে উঠা বহা কৰা কিয় বাৰু?
পানীৰাম ধনী, পানীৰামৰ আছে হাতী;
হাতীত উঠি পানীৰাম ঘৰলৈ যায়, ৰাস্তাৰ কাষৰ মানুহে আৰু
ঘূৰি ঘূৰি চায়, সেই বাবেই নেকি?
এই যে তোমালোকে পানীৰামে ক’লেই উঠা,
পানীৰামে ক’লেই বহা, তোমালোককো
ৰাস্তাৰ কাষৰ মানুহবোৰে ঘূৰি ঘূৰি চায় আৰু হাঁহে
কাণখোৱাই কয় এৰা এই উঠা বহা কৰাৰ খেলা
এই পানীৰাম সেই পানীৰাম নহ’বও পাৰে
সেই কথা জানো জানা?
নিয়ম নথকা খেলা এখন চোৱাচোন এবাৰ খেলি
হাতীৰ পৰা নামি আহি তেতিয়া পানীৰামেও
তোমালোকৰ লগতে কিজানিবা যোগ দিয়েহি...
("সাতসৰী", অক্টোবৰ, ২০১৩)

No comments:
Post a Comment