যিমান বাৰ মই
তোমাৰ পৰা বঞ্চিত হওঁ
ভাবোঁ হাবিলৈকে
যাওঁ, হাতত বন্দুক লওঁ, আলফা হওঁ।
ভাবোঁ হিমালয়লৈ
গুছি যোৱাৰ কথা, যেন সন্যাসী হওঁ...
যিমান বাৰেই
তোমাৰ দ্বাৰা প্ৰতাৰিত হওঁ।
আশীস যদি শীৰোধাৰ্যই
নহ'ল জীৱনত -
ভাবোঁ অগপ কৰি
আদৰি লওঁ ৰাইজৰ অভিসম্পাত।
ভাল ভাব মনলৈ
একোৱেই নাহে অৱহেলাৰ ঋতুত;
খহনীয়া হৈ স্বদেশৰ
মাটি কৰোঁ আতংকিত।
তথাপি দুৰ্ভাৱনা
এৰি জপোঁ প্ৰাত্যহিক প্ৰভাতৰ মন্ত্ৰটি -
আটায়ে জানিও
কোনেও নুবুজা, 'ভালপাও ভালপাওঁ'...
মোৰ এই দেহমাটিত তোমাৰেই নামৰ
গোঁজা মাৰোঁ গুটি।
মেঘ হৈ বাৰে
বাৰে কলিজা বাজে ধিন দাও ধিন দাও।
এই দেহ আজি তুমিময়। ঘৃণা আঁতৰিলেই নিজৰ প্ৰতি
এদিন মোলৈকে ঘূৰি আহি ক'বা 'ভালপাওঁ ভালপাওঁ'।।
No comments:
Post a Comment