Monday, August 14, 2017

বাৱন ছেকেণ্ডৰ দেশপ্ৰেম

বাৱন ছেকেণ্ড সময়ৰ বাবে থিয় হৈ দেখুওৱাটোহে বোলে দেশপ্ৰেম।
এই যে বাটৰ কাষৰ গছ এজোপা দেখি গবা মাৰি ধৰিবৰ মন যায়
এই যে ৰাস্তাই ঘাটে মানুহৰ মুখবোৰ দেখি জাগে কৰুণা,
এই যে কোনোদিনে ক'তো লগ নোপোৱা কোনোবা এজনকো লাগি যায়
কোন বা জনমৰ আপোন, এই যে একো নোকোৱাকৈ কৈ যোৱা কথাবোৰ,
এই যে, এই যে,
দ কৈ উশাহটো লৈ বুজি উঠোঁ - এয়ে মোৰ দেশ, এয়েতো, এয়েতো মই
এই বতাহ, এই মাটি, এই আকাশ এৰি যাবলৈ আৰু মোৰ কোনো ঠাই নাই...
এইবোৰ প্ৰেম হেনো প্ৰেম নহয়,
মানুহবোৰ হেনো দেশ নহয়।
মাথোঁ বাৱন ছেকেণ্ডৰ বাবে ঠিয় হৈ দিয়াটোহে হেনো দেশপ্ৰেম।
আহক আজি আমি বাৱন ছেকেণ্ডৰ বাবে থিয় হৈ দিওঁ।

ৰ'ব ডাঙৰীয়া, আপুনি বাৱন ছেকেণ্ডৰ পিছত পেচাব কৰিলেও হ'ব।
অলপতো ধৈৰ্য ধৰক। 


No comments:

Post a Comment