Friday, February 14, 2020

এটা অদৰকাৰী প্ৰেমৰ গদ্য


বাটেদি খোজকাঢ়ি আহি আছিলোঁ
সন্মুখতে শুকান পাত এখিলা সৰি পৰিল

নাই নাই তাতকৈ অধিক একো কথা নাছিল
পাতখিলা সৰি পৰাতে কোনো মহাভাৰত অশুদ্ধও নহ’ল
কোনোবা তুমুল বিপ্লৱৰ জাগৰণো নহ’ল
কথাষাৰ সাধাৰণ যি সাধাৰণ তেনেই সাধাৰণ
ফাগুণ আহিবৰ পৰত পাত সৰি পৰাৰ দৰেই সাধাৰণ
পাতখিলাও হাজাৰখিলা পাতৰ দৰেই এখিলা পাত
বাটটোও মই হাজাৰবাৰ অহাযোৱা কৰা বাট
(আচলতে নহয়, কিন্তু সেই সম্পৰ্কে এতিয়া ভবা নাই)
তেনেহ’লে কি কথা আছিল? মই কি ভাবি আছিলোঁ?
কি এনে কথা আছিল যিটো মই ক’বলৈ তোমাক বিচাৰিছিলোঁ?

কথা একো নাছিল। কি কথা আছিল?
একোৱেই যে কথা নাছিল, হয়তোবা সেইটোৱেই কথা আছিল।
পাত এখিলা ৰাস্তাৰ কাষত সৰি পৰিলে কাৰো একো নাহে নাযায়
একো কথাতেই আৰু একো নাহে নাযায়
যোৱা দুমাহত কিমান মানুহ আওমৰণে মৰিল?
কিমান নাৰীৰ পেটত মতা পুলিচে লঠিয়ালে? কাৰাগাৰৰ পৰা
কিমান অপৰাধী বাজলৈ ওলাল, কিমান নিৰীহ জেলত সোমাল?
কোনটো কথাত কাৰ কি আহিল গ’ল?

বাৰু সেইবোৰ বাদ এতিয়া। মোৰ কি ক’বলৈ আছিল?
পাত এখিলা সৰি পৰিল। তাতে কি ঘটিল? একো নঘটিল?
তাতে কি ক’বলৈ থাকিল।
এয়া এইমাত্ৰ পাত এখিলা সৰি পৰিল, সেইটোকে ক’বলৈ আছিল।

ক’লে কি হ’ব? একো নহয়। নক’লেনো কি হ’ব? একো নহয়।
কিয়নো ক’ব লাগে? নাজানো। কোৱাটো জৰুৰী নেকি?
এৰা তাকে লৈ লিখিবলৈ বহাটো হয়তো অদৰকাৰীয়ে আছিল
পিছে, কোৱাটো
আৰু ক’বলৈ কাষত তোমাক পোৱাটো
দৰকাৰী আছিল।  

কথাষাৰ কওঁ বুলি তোমাক বিচাৰি কাষত নাপাই
বুকু চমচমাই যায়। বুকুখন মোচৰ মাৰি যায়।।



No comments:

Post a Comment