Friday, February 14, 2020

ব্ৰহ্মাণ্ড


অসমখনত যিবোৰ ঘটনা ঘটিবলৈ লৈছে
সেইবোৰলৈ চাই ভাবোঁ
অসমখন এৰিয়েই দিওঁ নেকি!
যেন, আন ক’ৰ’বালৈ গুছি যাওঁ

অসমেই নহয়, সমস্ত ভাৰততে যিবোৰ ঘটিব লাগিছে
সেইবোৰলৈ চাই ভাবোঁ
ভাৰতখনকে এৰিয়েই দিওঁ নেকি!
যেন, আন ক’ৰ’বালৈ গুছি যাওঁ

পিছে সমগ্ৰ বিশ্বজুৰি যিবোৰ ঘটনা ঘটি আছে
সেয়াও জানো কম?
সেইবোৰলৈ চাই ভাবোঁ
পৃথিৱীখনকে এৰিয়েই দিওঁ নেকি!
যেন, আন ক’ৰ’বালৈ গুছি যাওঁ

কিন্তু
অসম বা ভাৰত বা পৃথিৱী দূৰৰ কথা
মই তোমাকেই এৰিব নোৱাৰোঁ

তুমি যে ব্ৰহ্মাণ্ড!



No comments:

Post a Comment