১
(গামোচা সাৰাংশ)
গামোচা ব’বলৈ সহজ
বাচিবলৈ টান গামোচাৰ
ফুল
ফুট গধূলি কাঠি গণি
গণি
মাটিতেলৰ পোহৰত জুপি
জুপি
কৰা
সিও এক বিৰাট অংক
আপোনাৰ হাতত থকা
গামোচাখন
অজস্ৰ উপাখ্যানৰ
কেৱল সাৰাংশ
পদ্ধতিবোৰ বা সূত্ৰবোৰ
সম্পূৰ্ণ শুদ্ধ হ’লেও
ফলাফল বা ঠিকেই ওলায়
নে নোলায়
মৰমৰজনলৈ এখন
সমাজলৈ এখন
গৰকাৰ চাবে
প্ৰেমৰো
ভক্তিৰো
জীৱনৰো
ছন্দ মিলায়।।
২
(গামোচা প্ৰসাদ)
আগলৈ নহয়, আগলৈ নহয়,
আগলৈ খোজ নিদিবি
অঁ অঁ অঁ তেনেকৈ
পিছলৈ এখোজ এখোজকৈ আহ
গামোচাখন তললৈ নমাই
এনেকৈ ধৰ
মাটিত চোঁচৰাই আনি
থাক
গামোচাখনে তোৰ ভৰিৰ
খোজবোৰ মচি আনিব লাগিব
হ’ব দে, এতিয়া আঁঠু
ল
নিজৰে খোজৰ চিহ্ন
মচি অনা গামোচাখনকে
আথেবেথে দুহাতত লৈ
সি সেৱা ল’লে
ৰাইজে আশীৰ্ৱাদ জুৰিলে
ৰাইজৰ আশীৰ্বাদ সেই
গামোচাখনতে সামৰি
ৰাইজৰ প্ৰাৰ্থনাত
সেমেকি উঠা চকুহাল
সি মচি ল’লে
সি যতনোৱা প্ৰসাদখিনি
ৰাইজে এমুঠিকৈ খালে
আৰু বাকীখিনি একোখনকৈ
বান্ধি
ঘৰমুৰি কৰি নিলে
গামোচাৰে।।
৩
(গামোচা অলিংগ)
সকলো বস্ত্ৰতে পুৰুষ
আৰু নাৰীৰ বিভাজন স্পষ্ট
কাপোৰে নিৰ্ধাৰণ
কৰি যায় আপোনাৰ পুৰুষত্ব কিম্বা নাৰীত্ব
অথবা আপোনাৰ পুৰুষত্ব
কিম্বা নাৰীত্বই ঠিৰাং কৰে আপোনাৰ বস্ত্ৰ।
কেৱল গামোচাখন পৃথক।
গামোচাখন পুৰুষৰো
গামোচাখন নাৰীৰো।
গামোচাৰ লিংগ নাই।
গামোচা অলিংগ।
৪
(গামোচাৰ ৰং)
অসমক প্ৰতিনিধিত্ব
কৰা নাটকীয় পৰিৱেশনা সম্পৰ্কীয় কথা বতৰা চলি আছিল
আমাৰ প্ৰযোজকে সুধিলে,
অসম বুলিলেই কি ৰং-টো মনলৈ আহে?
মই ক’লোঁ ৰঙা।
প্ৰথমে প্ৰযোজক অলপ
অপ্ৰস্তুত হ’ল। কাৰণ তেওঁ শুনিব খুজিছিল
সেউজীয়া।
অসম বুলিলেই সেউজীয়া।
মই বুজালোঁ। সেউজীয়াটো
পশ্চাদপট। বেকগ্ৰাউণ্ড।
গছ, অৰণ্য, পথাৰ,
ঘৰৰ চৌহদ- এৰা, সেউজীয়া সমস্ত।
সেউজীয়া আৰু ৰঙা
বৈজ্ঞানিকভাৱে পৰিপুৰক।
কম্প্লিমেণ্টৰী কালাৰ্ছ।
সেউজীয়াত ৰঙা জিলিকিব ভাল।
আমাৰ গামোচাখনত থকা
ৰং-টো ৰঙা।
পগ ধৰা তামোলৰ পিকটো
ৰঙা। বৰহমথুৰিৰ ৰং-টো ৰঙা।
বিহুৱতীৰ ব্লাউজ
ৰঙা।
নীলা পাহাৰৰ বিপৰীতে
আমাৰ ব্ৰহ্মপুত্ৰ ৰঙা।
অসমক যদি কিবা ৰঙে
শুৱায়, সেয়া ৰঙা ৰঙে শুৱায়।।
৫
(আগতে গামোচাখন)
মানুহটোৰ তেজ নোৰোৱা
হৈছে, নৈ হৈ বৈছে
“ঐ ধন, সোনকালে গামোচাখন
লৈ আন”
নাৰ্জীফুলৰ পাত চিঙি
লগা, এম্বুলেন্স মাত,
আজি দেওবাৰ, ডাক্তৰ
বৰদেউতা ঘৰতে থাকিব পায়,
কাষৰ ঘৰত এবাৰ মাত
দে
“ঐ ধন, ধন ঔ, গামোচাখন
আনোতে ইমান পলম কিয় হঞে?!”
(বি: দ্ৰ: মানুহটো
হিন্দু নে মুছলমান নুসুধিব)
(পুণ: বি: দ্ৰ: মানুহটোৰ
আচলতে হৈছিল কি সেয়া পিছে পৰেও সুধিব পাৰিব)
(পুণশ্চ: বি: দ্ৰ:
আগতে গামোচাখন আনক।)
আনিলেনে?
৬
(গামোচাতন্ত্ৰ)
নিজৰ লজ্জা নিবাৰণৰ
বাবেও অপাৰগ
এই ৰাষ্ট্ৰৰ এটাই
সমস্যা
যি শাসকযন্ত্ৰই আমাক
চলাইছে
তাৰ বিফলতন্ত্ৰৰ
এটাই সমস্যা
এই ৰাষ্ট্ৰৰ এখন
গামোচা নাই
যাৰে অন্তত: নিজৰ
লজ্জানিবাৰণ কৰিব পাৰে
আমাৰ হাতত দেধাৰ
গামোচা আছে
এই উলংগ ৰাষ্ট্ৰই
আমাৰ পৰা গামোচা
এখন অন্তত:
ধাৰলৈতো নিব পাৰে!
৭
(বেণ্ডেজৰ গামোচা)
গামোচাখন নাথাকিলে
চেনেহৰজনক কি যাঁচিলোঁহেতেন?
গামোচাখন নাথাকিলে
শ্ৰদ্ধাভাজনক কেনেকৈ আদৰিলোঁহেতেন?
গামোচাখন নাথাকিলে
থাপনাত কি পাৰিলোঁহেতেন?
কিহেৰে বান্ধিলোঁহতেন
প্ৰসাদ গামোচাখন নাথাকিলে?
গা ধোৱা ঘৰলৈ কি
লৈ গ’লোঁহেতেন গামোচাখন নাথাকিলে?
কিহেৰে সামৰিলোঁহেতেন
ৰাইজৰ পদধূলা গামোচাখন নাথাকিলে?
দৰা আদৰিলোঁহেতেন
কিহেৰে?
ৰাতি বিয়লি হঠাৎ
প্ৰয়োজনত ওলাই গ’লোঁহেতেন কিহৰ সাহসেৰে?
গামোচাখন নাথাকিলে
কি গতে চিনিলোহেতেন বিহুৱাক?
গামোচাখন নাথাকিলে
কি সতে জাৰিলোঁহেতেন দেও-ভূতক?
ঘাম, শেঙেনু আৰু
চকুপানী
কিহেৰে মচিলোঁহেতেন
গামোচাখন নাথাকিলে?
কিন্তু গামোচাখন
আছে। এইখনেৰে সকলো অঘৈয়া হূল কাঢ়িব পাৰিম।
এইখনেই আজিৰ আমাৰ
বেণ্ডেজৰ গামোচা।
আমাৰ দৰে মূৰ্তমান
ভগৱান নথকা জাতিৰ গামোচাই ভগৱান।
![]() |
| শিল্পী : ধ্ৰুৱজিৎ |

No comments:
Post a Comment