ৰবীন্দ্ৰনাথ এজন পলৰীয়া আছিল
সেই যি স্কুলৰ পৰা পলাল পলালেই আৰু
পলাই গৈ কি কৰিলে
স্কুল এখনেই পাতিলে, আকৌ, আৰু,
আৰু
নাযাওঁ আজি ঘৰলৈ অ’ ভাই, নাযাওঁ ঘৰলৈ আজি- বুলি যদি
পলাইছে, পলাই আহি ঘটকেও ঘৰ এখনেই বিচাৰিছে
ঘৰত বন্দী অমলেও কান্দিছে, মণিপুৰৰ সাৱিত্ৰী
মায়েও কান্দিছে
খুলি মোৰ ঘৰৰ চাবি লৈ যাবি কোনে মোকে
ঘৰৰ পৰা পলাই পলাই, ঘৰৰ চাবি ভাঙি ভাঙি
কি কৰিলে, কি কৰিলে, কি কৰিলে ৰবীন্দ্ৰনাথে
ঘৰৰ পিছত ঘৰকে সাঁজিলে
উডিছি, উদয়ন, কোণাৰ্ক,
শ্যামলী, পুনঃশ্চ
জীৱনত সকলোৱেই এবাৰ হ’লেও পলাবলৈ বিচাৰে
ময়ো পলাইছোঁ, আপুনিও পলাইছে,
সি, তই, তুমি, তেওঁ
সিহঁত, আমি সমস্ত সৰ্বনাম সমস্তৰে
এই পৃথিৱীখনেই পলাই আহিছে
বিগ-বেঙৰ সেই বিৰাট হাতোৰাৰ পৰা
(বাদ দিয়ক হে, পৃথিৱী বহু পিছৰ কথা)
সূৰ্যটোৱেই পলাই আহিছিল
এতিয়াও পলাই গৈ আছে ক’ৰবালৈ
হয়তোবা
নিৰন্তৰ
আমি সকলো এখন পলৰীয়া পৃথিৱীৰ বাসিন্দা
আমি সকলো এটা পলৰীয়া সূৰ্যৰ স্তাৱক
স্থানৰ সময় সলনি হৈ সময়ৰ স্থান সলনি হৈ আচলতে
আমি সকলোবোৰ স্বগৃহে পলাতক
আমি সকলোবোৰ স্বগৃহে পলাতক
সমগ্ৰ মানৱৰ ইতিহাস পলৰীয়া মানুহৰ ইতিহাস
কেৱল পলৰীয়াইহে সাধে সাধ
পৃথিৱীৰ সমস্ত মানুহ পলৰীয়া
পৃথিৱীৰ সমস্ত মানুহ পৰলীয়া
বান্ধোনৰ পৰা পলাই আহি সূৰ্যটোৱে কৰিলে কি
নিজৰ এখন সৌৰজগত গঢ়িলে
পলৰীয়া সূৰ্যটোৱে কৰিলে কি
নিজৰ এখন জগত গঢ়িলে
[মাজতে মনলৈ আহিল, কবিৰ নামো ৰবি। ইকথা
ৰহোক]
পিণ্ডাৰে পলাশেৰ বন পালাইবো পালাইবো মন
এজন চাওতাল যুৱক পলাব খুজিছে
সকলো পলাইছে, পলাই পলাইহে কোনোবাই
কিবা এটা পাইছে
পৃথিৱী বাদেই, সূৰ্যৰো কথা এৰ, ব্ৰহ্মাণ্ডখনেই য’ত পলৰীয়া
ঐ ধন
পলাবলৈ তোৰ ইমান ভয় কিয়? ব’ল আমি পলাই যাওঁ
[ব্ৰহ্মাণ্ডখন এৰি পলাই গৈ ব’ল আমি গঢ়োঁ আন এখন ব্ৰহ্মাণ্ড
এখন পলৰীয়া আৰু পৰলীয়া ব্ৰহ্মাণ্ড!]

No comments:
Post a Comment