(কবিবন্দনা পৰম্পৰা, প্ৰতি নীলমণি)
হে কবি, প্ৰশ্নৰ কবি, প্ৰস্তৰ কবি
প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ
প্ৰশ্নবোৰতে প্ৰশ্ন বাঢ়ে উত্তৰোত্তৰ
হিৰণ্ময় পাত্ৰত আছিল
উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ
আকৌ তুলিছিল নৱকান্তই
সৌটো কি সৌটো কি
একেবোৰ প্ৰশ্নকেই তুলি গ’ল
নীলমণিয়ে
পূৱত সৌটো কি হিৰণ্ময় পাত্ৰ
প্ৰশ্নবোৰ। যাৰ কোনো উত্তৰ নাই
প্ৰশ্ন কৰি যোৱাটোৱেই য’ত শেষ কথা
উত্তৰ মীমাংসা নহয়
কাৰ সাধ্য পকা পাতবোৰ নসৰাকৈ ধৰি
ৰাখিব পাৰে
এইটো প্ৰশ্ন আপুনি কৰা নাই। আন
কোনোবাই কৰিছিল
কিন্তু প্ৰশ্নটো আপোনাৰো। আমাৰো
প্ৰশ্নৰ উপৰি প্ৰশ্ন, বাই তোৰ কোন গাঁৱত ঘৰ
ই যেনে প্ৰশ্ন
তেনেকৈয়ে প্ৰশ্ন
আন্ধাৰতহে ধানে গেঁৰ
ধৰে কিয়
বৰষুণ কিয় হয় কিয় হয়
পুৰুষৰ বীৰ্য নাৰীৰ
স্তনত গাখীৰ
হে প্ৰশ্নৰ কবি
আমাক প্ৰশ্ন কৰিবলৈ শিকাওক
(আমি পাহৰিছোঁ হয়তো)!
‘বুৰঞ্জী’ত নৱকান্তই তাহানিতেই পাহৰিছিল আচৰিত
হ’বলৈ
হাতে হাতে উত্তৰ লৈ ঘূৰি ফুৰা
মানুহবোৰলৈ
মোৰ এটাই প্ৰশ্ন
উত্তৰবোৰ বাৰু ভালেই, প্ৰশ্নবোৰ
ক’ত? প্ৰশ্নবোৰ ক’ত?
No comments:
Post a Comment