গছপাত এখিলা সৰি সমুখতে পৰিল
এই পাতখিলা আনবোৰ পাতৰ দৰে নহয়
এইখিলা পাতৰ দৰে পাত
আৰু দ্ৱিতীয় এখিলা নাই
গছপাত এখিলা সৰি সমুখতে পৰিল
গঢ় বা ঠগ, ব্যাসাৰ্ধ,
সমস্ত জোখেৰে মিলা
বয়সে ৰঙে ৰূপে মিলা
দ্ৱিতীয় এখিলা নাই
গছপাত এখিলা সৰি সমুখতে পৰিল
গছপাত এখিলা সৰি সমুখতে পৰিল
এই যি পৰিল, এবাৰেই পৰিল
গছপাত এখিলা সৰি সমুখতে পৰিল
এই যি পৰিল, পৰিল যি পৰিলেই
সি আৰু উভতি বা উলটি আকৌ
গছজোপাত গৈ লাগিবগৈ নোৱাৰে
এৰি অহা ঠিকনা দুনাই লিখিব নোৱাৰে
গছপাত এখিলা সৰি সমুখতে পৰিল
গছে মনত ৰাখেনে পাত
পাতে মনত ৰাখেনে গছ
গছপাত এখিলা সৰি সমুখতে পৰিল
হয়তো পাতখিলাই ভাবিছিল
সি কেতিয়াও নসৰিব
অথবা হয়তো জানিছিল
এদিন সি সৰিব
গছপাত এখিলা সৰি সমুখতে পৰিল
হয়তো পাতখিলাই ভাবিছিল
সৰি পৰাৰ পিছত
কাৰোবাৰ ডায়েৰীৰ ভাঁজত সি ঠাই পাব
অথবা হয়তো জানিছিল
মাটিৰ পাত মাটিত মিলিব
নিজকে দি যাব কাক? নিজকে দি
যাব কাক
আন কাৰোবাৰ বাবে হ’ব
ভৱিষ্যতৰ খোৰাক
গছপাত এখিলা সৰি সমুখতে পৰিল
পাতখিলা গছকি মই আগবাঢ়িলোঁ,
এটা অসাৱধানী গছক
এটা অনুচ্ছ শব্দ মচক
সেই যে খোজটো, সেই খোজটোৱেইনো
মই আৰু কেনেকৈ কেতিয়া দিম
প্ৰতিটো খোজ, খোজটো দিয়াৰ
মুহূৰ্ততে নিখোঁজ
মই যে কৈছিলোঁ
জৰুৰী কথা এষাৰ তোমাক ক’বলৈ আছিল
এয়াই জৰুৰী খবৰ
গছপাত এখিলা সৰি সমুখতে পৰিল
তেনেই সাধাৰণ বুলি ভাবি থকা
অথচ মহাজগতৰ এক বিৰল পৰিঘটনা
গছপাত এখিলা সৰি সমুখতে পৰিল
10 February 2026

No comments:
Post a Comment