তোমাক ক'ব খোজা কথাষাৰনো মই ক'ত কেনেকৈ
ক'ম?
নদীৰ পাৰত ক'লে নৈয়ে শুনে, হাবিত ক'লে
বিৰিখে শুনে।
অৰঙে দৰঙে গা ঘেলাই ফুৰা নৈ চৰিত্র কি
বখানিম?
জানাইতো সকলো, বিৰিখৰো যে বতাহৰ স'তে মেল
জমে।
বাৰে বাৰে কিবা এটা ক'ব খোজোঁ এটি দুটি
কবিতাতে
নিশকতীয়া কবি মই, মোৰ কবিতাৰোতো কোনো
ভাৰসা নাই
আজিলৈকে একো কামেই কৰিব পৰা নাই ঠিকমতে
কাৰো অশ্রু মচিব পৰা নাই, ক'তো জুই
নুমুৱাব পৰা নাই
যিমানে খুলি দিওঁ হাতৰ মুঠি, ঘূৰি মোৰ
এন্ধাৰলৈকে সোমাই আহে
নিজতে গুজৰি নিজতে গুমৰি মোৰ কবিতা নিজতে
জামৰি পৰে
মোৰ শব্দবোৰ কেনেকৈ জিয়াব বাৰু তোমাৰ
উশাহৰ উম নাপালে?
মোৰ কবিতা হৈ পৰিল নন বায়োডিগ্রেডেবল্
আৱর্জনাৰ দৰে
নগৰে চহৰে ঘূৰি ঘৰে ঘৰে বহু দুৱাৰত
টুকুৰিয়ালে
তোমাৰ তেজৰ বাটটোহে মোৰ কবিতাই আজিলৈ
নিচিনিলে।
No comments:
Post a Comment