পৃথিৱীখন
যিমানে তোমাৰ, সিমানে মোৰো
দেশখন
যিমানে তোমাৰ, সিমানে মোৰো
বেলিটো
যিমানে তোমাৰ, সিমানে মোৰো
আকাশখন
যিমানে তোমাৰ, সিমানে মোৰো
তুমি
যিমানে
তোমাৰ,
সিমানে
মোৰো
যেতিয়া
প্ৰতিটো বস্তুৱেই তোমাৰ পৰা
পইচা
দি কিনিবলগীয়া হয়
বুজি
পাওঁ
মুৰ্খামী
বাঢ়ে যিমানে তোমাৰ,
সিমানে
মোৰো...
 |
| PC- Debajit Goswami |
No comments:
Post a Comment