Thursday, May 7, 2020

কদম্ব-ক’ৰ’ণা (ননচেন্স-চনেট)


আমি কোনেও দেখা নাই, শুনিছোঁহে, পেখলোঁ আখি, (১৮)
হাতে বাঁশী মুখে হাসি গলায় কদম্বেৰ মালা-   (১৭)
আমি কোনেও দেখা নাই, এমন বৰণ কালা, (১৭)
তথাপি দেখিছোঁ বুলি মানি আহিছোঁ দেখাক দেখি।  (১৮)

দুটা এপাৰ্টমেণ্ট ছীল কৰি পুলিচ আছে ৰখি, (১৮)
কাষৰ গলিটোতো ভেটা দি বন্ধ ৰাখিছে তলা; (১৭)
এজোপা কদম গছ আছে বাৰিষাকালি ফুলা,  (১৭)
জপনামুখতে সেইখিনিতে, খিৰিকীৰেই দেখি।  (১৮)

কদমৰ ফুলমঞ্জৰি গোল, ফুলবোৰ থাকে বাজলৈ মেলি,  (২২)
ক’ৰ’ণা ভাইৰাছটোও দেখিবলৈ হেনো তেনেকুৱাই কিবা।  (২২)
দেখা নাই, শুনিছোঁহে, কোনোবাই ক’লে মাইক্ৰ’স্ক’পত দেখি। (২২)
ঘৰৰ ভিতৰতে আছে ৰাধা, পাবলৈ নাই পান-বিড়ি-চাধা,  (২২)
কাণখোৱাৰ চকুত ধূলি দিম বুলি লকডাউন নামানি (২২)
সৌৱা চোৱা, বাইৰ হুৱা আছে দেখো সই কানু হাৰামজাদা।। (২২)


(7th May, 2020)

No comments:

Post a Comment