তোমাৰ মাহটো কোনফালে আছে?
কি কথা সুধিবলৈ
আহিছা? ফটোখন দেখা নাই জানো?
দেখিছোঁ বাবেইতো
সুধিছোঁ
নহ’লে তোমাৰ মাহ
এটা আছে বুলিনো কেনেকৈ জানিলোঁহেতেন
এতিয়া কথা হ’ল
ফটোখন কি কেমেৰাৰে
তোলা। যদি ফ্ৰণ্ট কেমেৰাৰে তোলা
মাহটো আচলতে ওলোটা
ফালেহে আছে বুলি ধৰিম।
এতিয়া তুমি মোক
আঁকিবলৈ দিয়া ছবিখন
কাৰ মতে আঁকিম?
মোৰ মতে, তোমাৰ মতে নে কেমেৰাৰ মতে?
ছবি এখনৰ মতে, এই
সময়ৰ ছবিবোৰৰ মতে, মানুহে চাই ভাল পাব
সেই মতে নে কোন
মতে?
ৰীতি মতে নে তিথি
মতে? নে ইচ্ছা মতে? বাৰু আন নালাগে,
সদ্যহতে ইয়াকে কোৱা-
তোমাৰ মুখৰ মাহটো
মই কোনফালে আঁকিম?

No comments:
Post a Comment