Tuesday, July 6, 2021

হ’ল নহ’লৰ চনেট

 হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল?

হ’লবোৰেৰে কিছুমান যে নহয় - বুজিলোঁ অতখিনি 

নহ’লবোৰেৰে হ’ল কি কি সেয়াও দেখিলোঁ ভালেখিনি।

নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহ’ল।   

 

পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ’ল, শুনো- “গ’ল”; 

গ’ল অ’ গ’ল বুলি কান্দোনৰ ৰোল উঠিল চোতালত। 

চকুলো যি নোলাল তেতিয়া, ওলাল ফুটবল খেলত

হাজাৰ মানুহে উল্লাসেৰে যেতিয়া চিঞৰিছিল- গ’ল।।

 

তোমাৰ নামটো হোৱাৰ ঘৰত ৰ’ল নে নোহোৱাৰ ঘৰলৈ গ’ল? 

পূৰ্ণতাৰ-শূন্যতাৰ নহৰু-পনৰু দুয়োটা বাতি তোমাৰে হ’ল।

ঘিটিঙাই বজা কাঁহৰ বাতিৰ ধ্বনিটোহে কিজানিবা মোৰ হ’ল।

তুমি নহালৈকে বাৰু ব্ৰহ্মাণ্ডখনেই মোৰ আছিল, এজ এ হ’ল।

তাৰপিছত অ’ ব্লেক হ’ল, বাৰ্কাৰ’ল বাৰ্কাৰ’ল, কি বা জানো হ’ল!

কি যে ৰ’ল, কি কেনি হাতে গ’ল তাকে চাবলৈকেনো কোনেই বা ৰ’ল?

 


[Email: kankhowa@gmail.com, contact: 9811375594]

No comments:

Post a Comment