Tuesday, July 6, 2021

বিদায়

 বোলে চৰায়ে খাই নাহাগিলে

কুনকুনি জলকীয়া নহয়

 

মহাজাগতিক মহাশূন্যতাৰ বাহিৰে

অন্য শূন্যতাৰ নিজা অস্তিত্ব নাথাকে

 

এইখিনিতে জেওৰা এখন আছিল,

এতিয়া নাই বুলিলে একধৰণৰ শূন্যতা

 

তেখেত নাছিল, থকাৰ কথাও নাছিল

তেখেত নথকাৰ শূন্যতাটো আকৌ

কি বেং কথা

 

দিনটো লৰি-ধাপৰি খেলি দিনান্তত

বিদায় বুলি ঢকা এটা মৰাটো এক কথা

 

শালিকীৰো ধান-চাউল খাওঁতাৰ আকাল নাই

 

যি নাছিল, যাৰ থকাৰ কথাও নাছিল,

যাক লগ পোৱা নহ’ল, হয়তো লগ পোৱাৰ কথাও নাছিল

তাকো বিদায় বোলাটো কি বেং কথা?

 

তথাপি বিদায়।




No comments:

Post a Comment