Tuesday, July 6, 2021

ডেটিং (এক)

 কথাবোৰ এনেকুৱা আছিল,

নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি

ভবাতে থাকিল, কটাহে নহ'ল।

কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে

গান বজালে কিবা ভাল নালাগে। অ' ৰ'বা,

আজি কি হ'ল জানা? আৰম্ভহে হ'ল

কথাখিনি শেষ নহ'ল।

কি হ'ল বুলি তেওঁ নুসুধিলে,

নে মইহে নক'লোঁ‌ মনত নাই।

কথা কৈ থকাৰ মাজতে এবাৰ গমি চালোঁ‌-

আজি মই বেছিকৈ কথা কৈছোঁ‌ নেকি!

কথাবোৰ আছিল ভাতখোৱা শাকখোৱা কথা।

কিন্তু সেইখিনি সময়তে ভূচিত্ৰাৱলীৰ ৰেখাবোৰ

মচ খাই গৈ বিমূৰ্ত ৰং এসোপাহে ৰৈছিলগৈ

ফুল তুলিবলৈ ছোৱালীহঁত উভতি আহিছিল

প্ৰাচীন পুথিপাঁ‌জিৰ ভঁৰালটোতো জুই লাগিছিল

কিবা এটা অদ্ভুত চৌম্বুকীয় কাৰবাৰে

সমস্ত ঘড়ী অচল কৰি দিছিল। আমি

ইজনে সিজনৰ হাতত হাত থৈ

ঢেৰ কথা পাতিবলৈ সুযোগ পাইছিলোঁ।

মই আকৌ বেছি কথা পাতি ভাল নাপাওঁ‌ বুলিও যে

অনৰ্গল কথা পাতি আছিলোঁ‌,

কথাবোৰ ঠিক তেনেকুৱা আছিল

কথাবোৰ তেনেকুৱা আছিল।


https://www.youtube.com/watch?v=I4EYNtJIu0k

 


সমুদ্ৰ কাজল শইকীয়া

No comments:

Post a Comment