তাতে নিখিলৰ সুৰে সুৰে ছন্দায়িত হয় চন্দ্ৰ সূৰ্য তাৰকাৰাশি।
সুনিপুণ হাতেৰে মেলি দিয়া খেৱালি জালখন মেল খায় এনেকে'-
যেন আকাশখনকে সাঙুৰিব খোজে ভালপোৱাৰে আপোন পাহৰি।
সন্তৰ্পণে সি যেতিয়া জালখন টানে উঠি আহে সম্ভাৰ মেটমৰা।
এটা চিফুঙৰ সুৰ। দুছেও মাটিখোলৰ বোল। মুক্তাৱলী পয়াৰ।
নান্দী সুহাইৰ পৰা খৰমানলৈকে ৰঙাই তুলি জীৱন বালুকা-
অঁহীয়াকৈ জালত লাগেহি সংগ্ৰামৰ অৰ্থ, শহ আত্মপৰিচয়ৰ।
এদিন কাণখোৱাও যাওক জাললৈ - কেঁতুৰিৰ দৰে গা উঠিলত।
জাল মেল নেখায় হে নেখায়, নিজতে জোঁটা পোটা লাগি আইধা পৰে;
যদিওবা মেল খায় - বোকা আৰু যত আৱৰ্জনা উঠি আহে জালত।
মাজসাগৰৰ একেডাল বিৰিখ অৱহেলাত অবাবতে মৰহে।
দুখে ভাগৰে ঘৰলৈ ওভতোঁ, খেপিয়াই চাওঁ ধোৱাচাং।
আলাই আথানিত ৰাভাজাল নিগনিয়ে কুটি কৰে সাং।

No comments:
Post a Comment