Thursday, June 23, 2016

আহাৰৰ কবিতা

Work from Anuradha
মাজনিশা এটা ভেকুলীৰ মাতত
এপাহ কলমৌ ফুলিল

ৰাতি পুৱালত
সেউজীয়া মেটেকাৰে ভৰা পুখুৰিটো
বেঙুনীয়া হ’ল

কালাপাহাৰৰ
মানুহৰ কোলাহলৰ মাজত গোপনে
খুব গোপনে

এটা অচিনাকি ভেকুলীৰ মাতত
তাইৰ ভয় লাগি গ’ল

কাহানিও নলগা এটা ভয়

[ৰচনাকাল- ২০০৪] 


No comments:

Post a Comment