Saturday, June 25, 2016

কাণখোৱাৰ বনদৰৱ (চনেট)

Drawing: Akhilesh Arya
পূৱা উঠি খালী পেটত এ-লুইত পানীৰে সৈতে চোন
বেলিটোক নিতৌ গিলি থ'ব পাৰিলে অম্ল-পিত্তৰ বাবে ভাল।  
বুঢ়া পাহাৰটোক ওলোটাই লৈ পিহি কাজিৰঙাখন  
ৰস দুগিলাচকৈ খালে শ্বাসকষ্টৰ ৰোগীয়ে পায় সুফল।   

নীলাচলক হাতৰ তলুৱাত মোহাৰি তাৰ ৰসেৰে  
মালিছ কৰিলে বিবাহিত পুৰুষৰ দুৰ্বলতা দূৰ হয়।   
কোষ্ঠ কাঠিণ্য দূৰ কৰিবলৈ ৰাতি শোৱাৰ আগে আগে
এটুকুৰাকৈ জোন নীলাত গুলি লই খাব লাগে বুলি কয়।  

তৰাৰে বিন্ধা বিচনাত উলংগ হৈ চিৎ হৈ শুব পাৰিলে  
অকুপাংচাৰ জাতীয় ট্ৰিটমেন্ট আৰু বেলেগে হেনো নালাগে।    
দিনে দুবাৰকৈ জীয়াভৰলী একে উশাহতে পি খালে  
শীঘ্ৰপতন, ধাতুদৌৰ্বল্য, স্বপ্নদোষ আদি সমস্যা নাথাকে।  

ইমানবোৰ উজু, নিৰ্ভেজাল আৰু বিনামূলীয়া দৰ থাকোতে  
কিয় যে কোনে গঁড়ৰ খৰ্গৰ ঔষধলৈ ইমানকৈ হেঁপাহ কৰে।   

No comments:

Post a Comment