Monday, October 2, 2017

শিয়াল আৰু কাণখোৱা

[নাছিৰুদ্দিন মোল্লাৰ প্ৰতি]

তাৰ কটা কাণখন কোনে নিলে চলাথ কৰি
এসময়ত শিয়ালটো দেশৰ পৰা বাজ হৈছিল।
আজি নিজৰ দেশলৈ উভতিব খুজি সি দেখে যে
তাৰ দেশখন আৰু আগৰ ঠাইতে নাই।

মৌকোলাটো গৈ লাওখোলাটো হ'ল
হিয়াৰ আমঠুটো গৈ উকমুকৰ পোৱালীটো হ'ল
সোণৰ সোলেঙৰ সো-টো গৈ লেং-টো ৰ'ল 
আলেকৰ পালেকটো গৈ মাণিকী মাকৰ কঁৰীয়াটো লৈ 
নপতা ফুকনটো হ'ল

দেশখন বিচাৰি বিচাৰি হাবাথুৰি খাই সি সুধিলে
ৰসাতলৰ বাট কেনি।
দেশখন ৰসাতলে গ'ল বুলি সি কোৱাহে শুনিছে
মোল্লা কাণখোৱাৰ মুখে
ৰসাতল বিচাৰি শিয়ালে নোপোৱা হ'ল ৰতনপুৰো চিনি 

যি হ’ল হ’ল, শিয়ালটো কেনিবা গ’ল।
এইবাৰ দেখিলোঁ মোল্লাই বিচাৰি ফুৰিছে শিয়ালটো।
কিজানি সি সন্ধান পালেই বা
ৰসাতলৰ বাট কেনি।  
এইবাৰ কাণখোৱাৰো যাবৰ মন
শিয়ালটোৱে পোণালে বাট যেনি।। 


No comments:

Post a Comment