হিম সেমেকা সৌ আকাশৰ
দিপাৱলী
হেমন্তিকাই আঁচল মেলি
ৰাখিলে ঢাকি...
ঘৰে ঘৰে পঠালে খবৰ,
দিপালিকাৰে কৰা পোহৰ,
কৰা পোহৰ, পোহৰে নিজৰ,
পোহৰে সজাই এই ধৰিত্ৰী।।
ফুলনি আজি তেনেই যে উকা,
কুলি কেতেকীয়ে নুশুনোঁ মতা,
কঁহুৱানি সৰি
যায় নদীৰ চৰে ।
যাক অৱসাদ বিষাদ যিবোৰ,
দিপালিকাৰে কৰা পোহৰ,
কৰা পোহৰ, পোহৰে নিজৰ,
শুনোৱা পোহৰৰ জয়বাণী।।
দেৱতাসৱে আছে নিৰিখি
উঠাহে ধৰাৰ অ’ ল’ছালি
পোহৰে জগোৱা এই যামিনী।
শেষ হ’ল দিন নামিল আন্ধাৰ
দিপালিকাৰে কৰা পোহৰ,
কৰা পোহৰ, পোহৰে নিজৰ,
জয় কৰা আজি এই তামসী।।
(ৰবীন্দ্ৰনাথৰ গান)

No comments:
Post a Comment