(ফইজ়
আহমদ ফইজ়ৰ কবিতা)
ক তোৰ
মুখখন আজি আছে খোলা
ক তোৰ
জিভাখন এতিয়াও তোৰ
তোৰ সুঠাম
দেহটো তোৰেই দেহা
ক ধাতু
এতিয়াও আছে তোৰ
চা কমাৰৰ
শালৰ আঙঠা
তপত হৈ
আছে, ৰঙা লোহা
খুলিব
লাগিছে তলা
প্রতিডাল
শিকলিৰ গাঁঠ খোলা
ক, এই
অলপ সময়ো বহুত হ’ব পাৰে
দেহে
মনে মৰি যোৱাৰ আগতেই
ক, যে
সত্য এতিয়াও বাচি আছে
ক, যিহকেই
ক’বলৈ আছে কৈ দে তই।।
No comments:
Post a Comment