Monday, October 2, 2017

ডিছপোজেবল সূৰ্য ১১

সূৰ্যটো যদি মৰিও যায়, কোনেও যে নেকান্দে সূৰ্যৰ বাবে   
- সি ধুৰূপ। অবাবত নষ্ট যোৱা দিস্তা দিস্তা পাতৰ বাবত,  
বুৰঞ্জী লিখি ভালপোৱা মানুহ মৰিব হয়তো সন্তাপত। 
খেনো কবি দুখত মৰিব হেৰাব খোজা এটা মাতৰ বাবে।   

ভগৱানৰো মন বেয়া হ'ব নীলা প্ৰিয়তম গ্ৰহৰ বাবে। 
সূৰ্যৰ বাবেহে কান্দিবলৈকো কোনো নাই। অনন্ত ব্ৰহ্মাণ্ডত
আন কি ভু অনেকে নাপাব যে সূৰ্যটো মৰিল কোনো প্ৰান্তত। 
মৰাৰ আগে সূৰ্য এটা যে আছিল - সিও ৰ'ব পাৰে অজ্ঞাতে।

এই মহাবিশ্বত সূৰ্যৰনো এনে কি আকাল, কালত   
বিচাৰিলেই পোৱা যাব অলেখ সূৰ্যৰ দুগ্ধসৰণি,  
সকলো জানিও সূৰ্যটো যেনেকৈ জ্বলি যায় দিনে দিনে   
- কাহানিও যেনিবা তাৰ মৃত্যু নাই এনে এক ভাবত -     
তাকে দেখি, সূৰ্যটো মৰক বা নমৰক, তাৰ সলনি  
নিন্দুক কাণখোৱাহে দেখোঁ জ্বলি পুৰি মৰে আনপিনে !! 


No comments:

Post a Comment