Thursday, October 26, 2017

কাণখোৱাৰ মৃত্যু

         থি খবৰ গৰ্ম কি গালীব কে উড়েঙ্গে পুৰ্জে
            দেখনে ত' হম ভী গয়ে থে মগৰ তামাছা না হুৱা
গালিব

কাণখোৱা ঢুকাল বুলি খবৰ এটা ওলাল
নেদেখাজনলৈ সেৱা এটা জনাই প্ৰাৰ্থনা কৰিলোঁ
গাঁৱৰ মানুহক মাত একোষাৰ লগাই
সৎকাৰৰ বাবে ওলালোঁ

ধূপ ধুনা আৰু সুগন্ধি ফুল অলপো লগতে ল'লোঁ

অঙহী-বঙহী সকলো আহিল
জাতি বাঁহত ঘাপ পৰিল
কান্দোনৰ ৰোল উঠিল
সকলো আহিলকোনো বাকী নৰ'

সকলো যেতিয়া আহিল,
দোকানৰ পৰা শুধ বগা কাপোৰ এখন কিনি লৈ
কাণখোৱাও আহিল


No comments:

Post a Comment