Tuesday, October 3, 2017

ক (৭)

[জ আহমদ ফইজৰ নামেৰে]

ক বুলিলেই কথা এটা বাৰু কেনেকৈনো কৈ দিওঁ   
নকওঁ বুলিয়ো আক’ কেনেকৈ নোকোৱাকৈ থাকোঁ   
কোৱা উচিত, ক’বই লাগিব - মাথোঁ ভাবি থাকোঁ     
কোৱা হৈ নুঠেগৈয়ে, মুখ খুলি একো এটা কথাও   

কিয় জানো এনে হয়, সেপ ধুকিব নোৱাৰা হওঁ    
নকওতে নকওতে জিভাখন শুকাই আহে   
শুকাই জিভাখন একেবাৰে নোহোৱা হৈ আহে  
আত্মাৰ মৌনতা লৈ দলে দলে জিৰাফ যেন হওঁ   

ফঈজ চাহাব, তপত লোহাত আঘাত কৰিব নোৱাৰি   
নিজে উমি উমি জ্বলা জুই হৈ পুৰিলোঁ।   
প্রতিবাদৰ আঘাতত দেৱাল এখন খহাব নোৱাৰি  
নিজে এখন নির্বাক দেৱাল হৈ ৰ’লোঁ।   
ক’ব খুজিও নোকোৱাকৈ থকা কথাবোৰেই আজি আবৰি  
মোক কৰি থ’লে চোৱা এটা নষ্ট পলু।    


No comments:

Post a Comment