Pankaj Jyoti
Mahanta-ৰ প্ৰতি
[অ’ পংকজ, বৃত্তৰ মাত্ৰা এক হোৱাৰ সুবিধা কি জানানে?
যিকোনো গুণফল সেই গুণকৰ সৈতে সদায়ে একে। একেই অনেক।
বৃত্ত একেসময়তে শূন্য, বৃত্ত একে সময়তে এক।]
এডাল সৰলৰেখাৰ অনন্তৰ ধাৰণাটো কেৱল এটা ধাৰণা
আপোনাৰ টোকাবহীখন বা নক্সাৰ আধাৰে
অনন্তক আগুৰিব নোৱাৰে
এটা বৃত্তই পাৰে। বৃত্ত অনাদি। বৃত্ত অনন্ত।
বৃত্ততে সমস্ত তন্ত্ৰ। বৃত্তই ঔমকাৰ।
বৃত্তৰ এখন ভিতৰ-বাহিৰ আছে।
বৃত্তৰ কৈ কৈ কাহানিও শেষ নোহোৱা এটা সাধুকথা আছে।
নিজ আৰু অন্যৰ এটা দ্বন্দ বৃত্তই সদায়ে উপভোগ কৰে
বৃত্ত স্থবিৰ হৈয়ো চঞ্চল
বৃত্ত এটা দেখি
আপোনাৰ চকুৱে পাক-ঘূৰণি খায়
বৃত্তৰ ভিতৰৰখিনিয়ে বাহিৰলৈ
আৰু বৃত্তৰ বাহিৰৰখিনিয়ে ভিতৰলৈ
অহৰহ হেঁচা প্ৰয়োগ কৰে
বৃত্ত এটা নোহোৱাকৈ আমি বৰ্তি থাকিম কেনেকৈ?
এয়া সৰ্বকালৰ সৰ্বস্থানৰ সৰ্বমানুহৰ সংকট
(বৃত্ত ভাঙিব খোজা মানুহে অঁকা বৃত্তবোৰো
দেখিবলৈ বৃত্তৰ দৰেই)
বৃত্তটো দেখিবলৈও শূন্যৰ নিচিনা গোল, কিন্তু বৃত্তৰ মাত্ৰা এক
এখন কাগজ, এডাল আঁক
দীঘ নাই, বাণি নাই
অথচ
দীঘো আছে, বাণিও আছে
য’ত এক্সেই ৱাই, ৱাইয়েই এক্স
সৰল ৰেখা আচলতে কিমান সৰল?
এই প্ৰশ্ন সদায়ে ৰৈছে
এখন গোলাকাৰ পৃথিৱীত, এখন ঘূৰ্ণীয়মান ব্ৰহ্মাণ্ডত
সৰল ৰেখাৰ সৰলতাৰ সংজ্ঞা সন্দিহান
ত্ৰিভূজৰো আছে বহুৰূপ, বহুৰূপ ট্ৰেপিজিয়ামৰো
একক। পৰম। সৎ।
কেৱল
বৃত্ত।

No comments:
Post a Comment