(“পাপ
যিশুৰো নাছিল, অভিমন্যুৰো নাছিল, পাপবোৰ সদায়ে লোকৰ”
-
As quoted by Kankhowa from Kankhowa)
ৰত্নাকৰৰ
কাহিনী শুনাই আইতাই কয়
কোনেও
ল’ব নালাগে কাৰো পাপৰ ভাৰ, কাৰো পাপৰ ভাগ কোনেও নলয়;
পিছে
আইতাই জানে, আইতাই জানে, কথাখিনি সঁচা নহয়;
আনৰ
পাপৰ ভৰত মধুবালা আইতাৰ চকুৰ জেউতী ঢুকায়।
ইউটিউবৰ
গান চলাই থৈ আন কিবাকিবি কামত লাগি আছিলোঁ এপৰ।
দোহাৰৰ
দেখিছোঁ ৰূপসাগৰে মনৰ মানুহ কেঁচাসোণ গানটো বাজি আছিল।
ফে’চবুকৰ
টাইমলাইনত শেহতীয়া বাতৰি এটা আহিল- মধুবালাৰ খবৰ।
বৃদ্ধা
মধুবালা মণ্ডলক ডিটেন্সন কেম্পত ৰখা হ’ল তিনিবছৰ কাল।
এতিয়াহে
ওলাল বিদেশী বুলি যালৈ সন্দেহ আছিল সেই মধুবালা নেকি
আন
কোনোবাহে আছিল যি আকৌ কাহানিবাই ঢুকাল। মৃত বিদেশী?
মৃতকৰ
দেশ কেনি? শ্বেইক্সপীয়েৰৰ সেই অজানা দেশখনতো
বিদেশী
থাকে? অ’ কবিৰা, অ’ নৱকান্ত,
অনহদ
কা মুছাফিৰৰো দেশ এখন থাকে?
ইহকাল
এৰি যোৱা পৰকাল-দেশৰো আন এখন পৰকাল-দেশ থাকে?
এইগৰাকী
মধুবালাৰ একেটি কণ্যা সন্তান, কলা-বোবা।
নিউজ
এইট্টিনৰ বাতৰিৰ সৈতে সংলগ্ন ফটোখনত যি মধুবালাৰ চাৱনি
তাত
শূন্যতাৰ বাহিৰে আন একো নাই।
আইতা
বুলি মাতিলেও আইতাই যদি আমালৈ চায় আমি আৰু আইতালৈ চাব নোৱাৰিম।
(কিজানিবা
সেই কলা-বোবা শিশুটোৰ মুখৰ মাত যাতে কাহানিও নোলায়, তাৰ বাবেহে সন্ত্ৰষ্ট ৰ’ম)
এদিন
হেম বৰুৱাৰ আইতাৰ হেৰোৱা দিনবোৰৰ কথা ভাবিয়েই বিহ্বল হৈছিলোঁ।
মধুবালা
আইতাৰ বাবে বিহ্বল হোৱাটো হ’ব ভণ্ডামি মাথোঁ।
অন্যহাতে
ক্ৰোধান্বিত হোৱাটো এই দেশ-কালত মানা।
কোনোবা
অনামী বাউলৰ গানটো শুনি আছোঁ। ৰূপসাগৰত বুৰি চাওঁ।
মনৰ
মানুহ কেঁচাসোণ। এতিয়াও বিচাৰি যাম কেঁচাসোণ।
হাতখন
দে আইতা। মানুহেই পৰশ পাথৰ। চুই চাওঁ।
মানুহেই
যে পৰশ পাথৰ
পৃথিৱীখন
ধ্বংস হৈ নোযোৱালৈকে এইধানি কথা বিশ্বাস কৰি নচলিলে আৰু উপায় নাই।
চকুলৈ
নেচাওঁ বাৰু, চুই চাওঁ, আইতা, হাতখনকে দে।
![]() |
| Drawing by Samudra Kajal saikia, after the News of Madhubala Mandal |
NEWS:DHANANJOY NATH, Kokrajhar, June 26, 2019In a case of mistaken identity, Madhubala Mandal, who has spent more than three years in a detention camp for foreigners in Kokrajhar district of Assam, finally walked free on June 26th, 2019.59-year-old Madhubala was released after the police admitted to their goof-up before the Foreigners’ Tribunal. It may be mentioned that Madhubala, who is a resident of Bishnupur village of Bijni Sub-division in Chirang district of Assam, was declared a ‘foreigner’ instead of one Madhumala Das from the same village.“The tribunal had issued the notice in the name of Madhumala Das but the police arrested Madhubala Mandal and sent her to the detention centre. Madhumala and her husband Makhan Nama Das died long before the notice was issued to the former by the tribunal,” the locals had earlier alleged.Relatives of Madhubala said that her husband Ramakanta Mandal died a few years ago and their only daughter is deaf and dumb.Chirang Superintendent of Police, Sudhakar Singh said,”When I received the complaint that Madhubala Mandal has become a victim of mistaken identity and has been sent to the detention centre, I swung into action and appealed to the court, supported by a detailed report following which the tribunal on June 25th, 2019 issued an order to release her.”
Earlier, the All Assam Minority Students’ Union (AAMSU) had lambasted the Assam Police (Border branch) and Foreigners’ Tribunals and demanded the early release of Madhubala. On June 10th, 2019, AAMSU president Rejaul Karim Sarkar along with other members visited Madhubala’s family and donated clothes and food items.
https://www.time8.in/new-after-over-3-years-madhubala-walks-free-from-kokrajhar-detention-camp/?fbclid=IwAR3yPlXndPKmbOzKOJk4bxcrxo1Ldn6x4wp3h8zfN7-qU7_g-KPUIaYXMVg

No comments:
Post a Comment