পানী
এডোঙালৈ চাই আছিলোঁ। নৈ চিনি পাৱ? সুধিছিলোঁ।
জলপ্ৰপাতৰ
কথা শুনিছ কাহানিবা? সুধিছিলোঁ।
সুধিছিলোঁ,
সাগৰ দেখিছ?
কুঁৱা
খন্দা মানুহজাক এই বাটেদিয়েই যায়।
আৰ্কিমিডিছৰ
অনিয়মিত আকাৰৰ বস্তুৰ আয়তন পৰিমাপৰ
পদ্ধতিৰ
আৱিষ্কাৰ সম্পৰ্কে কি জান ক।
ঈষৎ
হাঁহি এটাৰে সুধিবৰ মন আছিল, ৰমন-এফেক্ট কি?
পৰৱৰ্তী
বিশ্বযুদ্ধখন হেনো তেলৰ কাৰণে নহয়, জাননে?
ৰাজ্যসভাত
জল সংকটৰ বিবাদ, বাতৰি বিলোৱা মানুহজন
এই
বাটেদিয়ে যায়।
কিন্তু
এই এডোঙা ঘোলা পানীয়ে কি জানে সেইবোৰ?
পানীত
ফুলা ফুলৰ ৰং বেঙুনীয়া কিয়?
কিয়
টোৰটোৰায় ভেকুলীয়ে, কাক মাতে?
শুনিছনে
কাহানিবা যক্ষৰ চিঠিত লিখা বিৰহগাঁথা?
অদ্যাপি
আমি জনালৈকে এখনেই নীলা পৃথিৱী পয়োধৰা।
ঘোলা
পানীতো নিজৰ প্ৰতিবিম্ব দেখি নেকি বুলি অলপ চাপৰিলোঁ।
দেখি।
ছয়াময়া চিল্যুৱেট এটা দেখি। মই সোধা প্ৰশ্নবোৰৰ পিছত
এইবাৰ
পানীডোঙাই মোক প্ৰশ্ন সোধাৰ পাল।
(মই
কিনো জানো? কিটোনো জানো? কি বা সোধে, কিয়েই বা দিওঁ উত্তৰ!)
![]() |
| Art: AnupamSaikia, 2015 |

No comments:
Post a Comment