সৌ
কাজল কাজল মেঘ যি জুৰিত দাপোণ চায়
উতনুৱা
মেঘ এজোলোকাৰ বাবে জুৰিটি তাকৰ পৰে
মেঘৰ
সম্প্ৰসাৰণ সহজ, জুৰিটিৰ নহয়
মেঘ
জোলোকাই ডাঙৰ দাপোন এখন বিচাৰে
সৌ
কাজল কাজল মেঘ যি জুৰিত দাপোণ চায়
চাই
লাকানিয়ান নিজকে বুজি পায়
মাথোঁ
বুজি নাপাওঁ
বুলে
শ্বাহৰ নিজৰ নিজকে বুজি পোৱাটো বুজি পায় নে নাপায়।
জুৰিৰে
নাটে
নিজৰাৰে
নাটে
নদীয়ে
নাটে
নদেও
নাটে
পথাৰ
ওপচাই পানী হয়, ঘৰৰ পদূলিলৈ পানী বাঢ়ে, হায় ঐ হায়!
মূধচ
চুই পাৰ হৈ মহতিয়াই যোৱাকৈ
হয়
পানী। পানী হয়। পানী আৰু পানী। কাজল মেঘে দাপোন চায়।
ঘোলা
পানীত কি দেখে নাজানো, তথাপি কাজল মেঘে মুখ চায়
এনেতে
আহে মেঘৰ মাক। বাচা, এয়া কি কৰিলি কাণ্ড!
মেঘ
আঁতৰে। বান জামৰে।
মৰা
জীৱদেহ গলি গোন্ধায়
কাৰোবাৰ
বুকুত মেঘৰ ক’লা দাগ ৰৈ যায়।
দাগ
আঁতৰাই হাতখনি বুলায় আমাৰ শ্যামবৰণী আই…

No comments:
Post a Comment