Monday, May 11, 2020

শিমলু মাগ্ৰিট


বুকুত মাগ্ৰিটৰ চকু
একোজোলা শিমলুৰ ডাৱৰ উৰি ফুৰিছে
মদৰ দোকান খোলাৰ খবৰ পাই
মানুহবোৰ ডাৱৰ গছকি আগবাঢ়িছে

এজোলা ডাৱৰে আহি
মোৰ খিৰিকীত টুকুৰিয়ায়
খিৰিকীখন খুলি দে কাণখোৱা
ভেম পাতি লাভ নাই

শিমলুৰ তুলা হৈ উৰিবৰ মন বোলা তাইক
ঘৰলৈ সুমুৱাবলৈ বিচাৰি যি ভুল কৰিছিলোঁ
কৰিছিলোঁ
এতিয়া তোকনো সোমাবলৈ দিওঁ কোন সতে?

অ’ শিমলু মেঘ, মই সূতা কাটিব নাজানো…
René Magritte: Variation for the victory, 1965




No comments:

Post a Comment