Monday, May 11, 2020

বদমাচ গান


অলি বদমাচ কলি শুঙি ফুৰে
লোকৰ ফুলবনে
কুলি বদমাচ কণী পাৰি ফুৰে
লোকৰ বাহে বাহে
মন বদমাচ তুলা হৈ উৰে
দেহা বদমাচ গৰা হৈ খহে
তই বদমাচ মাথোঁ পাৱ ভালে
জোকাবলৈ পালে
মোকে জোকাবলৈ পালে,
বদমাচ! 

কি যে বদমাচ জীৱন এটা পালোঁ
নাই লিটমাছ খাৰনি টেঙেচি বুজিকে নাপালোঁ একো
সময় গ’লে কি পাবলৈ নাই, অসময়ত পালেও মূল্য নাই
বিচাৰিছিলোঁ কি পালোঁৱেই বা কি
তোকে বাৰু পালোঁ, পিছে পালোঁ জানো
পালোঁ যদি তোৰ কিমানখিনি পালোঁ
তোক পোৱা হয় ঠিক কিমানখিনি পালে
অ’ বদমাচ
বদমাচ! 


No comments:

Post a Comment