Thursday, May 7, 2020

সৰিয়হ


(তিনিটা পৃথক কবিতা, বুদ্ধপূৰ্ণিমা বিশেষ আপডেট)

১)
মই কোন, মইনো কি
মহামৃত্যুঞ্জয় মন্ত্ৰৰ তিয়ঁহ এটা
তেলৰ বাবে ঘানি বিচাৰি
বাগৰি ফুৰা তিল নে সৰিয়হ এটা

২)
পৃথিৱীৰ অৱস্থা কাহিল
সৰিয়হ বিচাৰি যোৱা মানুহটো উভতি নাহিল।

৩)
(#বেণুমিশ্ৰৰ মৃত্যুত)

মুখবোৰ। মানুহবোৰ। বাঙ্ময় ৰেখাবোৰ।
ৰ'ল।
তেখেত গ'ল।
শোকত ম্ৰিয়মান হোৱাৰ সকাম নাই।
মৃত্যুও এটা উৎসৱ।
আজিও ওপঙি ৰৈছে পাহাৰ আৰু গছবোৰ।
ৰঙে ৰেখায় গঢ়ে আয়তনে উদযাপিত হওক
অনিত্যতাৰ চিৰসত্য।
বুদ্ধক দিবলৈ সৰিয়হ বিচাৰি
দিহিঙে দিপাঙে যোৱাতকৈ আহক
আমি আধা ডুখৰীয়া সপোনখিনি লৈ
আগলৈ বাট লওঁ।

No comments:

Post a Comment