Monday, May 11, 2020

অপাংক্তেয়


ফৰিং ফুটা জোনাকত
পিৰালিৰ পৰা নঙলামুখলৈকে আমি খোজ কাঢ়িছিলোঁ
পিৰালিৰ পৰা নঙলামুখলৈকে আমি কথা পাতিছিলোঁ

চম্পা আৰু গৌৰীৰ কথা, নগৰ এখন চাৰখাৰ হৈ যোৱাৰ কথা,
নাহৰৰ গুটিৰে বাতি জ্বলোৱাৰ কথা?
কোনো কথাই সম্পূৰ্ণ নাছিল, নাছিল কোনোটো প্ৰশ্নৰে উত্তৰ
জোনাকত তামোলগছবোৰ তধা লাগি আছিল, যেনিবা কথা পতা মানা।
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গৈ পঁইতাভাত উদঙাই খাইছিল,
আঙঠাত দি অহা আলুটো ইমানপৰে সিজিল চাগে’!
মাটিতেলৰ চাকিৰে জুপি জুপি কোনোবাই
আওঁৰাইছিল নেকি কুঁহিপাঠ? আঁহতজোপাত
সঁচাকৈয়ে আছিল নেকি বুঢ়াডাঙৰীয়া?
কথাবোৰৰ কোনো শেষ নাছিল
পিছে নঙলামুখ পাওতেই আমাৰ কাপোৰ-কানি ক’লা হ’ল

ঘৰৰ ভিতৰৰ পৰা কোনোবাই মাতিছিল নেকি আমাক?
ঘৰৰ বাজত থাকিলে ঘৰলৈ আহিছোঁ বুলি ক’ব লাগে
নে গৈছোঁ বুলি ক’ব লাগে?
ঘৰলৈ মানুহ আহে নে যায়?

আমি পাতিছিলোঁ চিলাৰ পৰ্বতত চাৰি কড়াৰ মাটি কিনাৰ কথা।
তিলেকে যুগ যায় মানে কি? গকূলো জানো নিজা ধাম?
সুবৰ্ণৰেখা নদীৰ তীৰত আমাৰ নতুন ঘৰ হ’ব, পাতিছিলোঁ তাৰ কথা।
ডালভঙা অশোকগছজোপাৰ তললৈ গৌতম উভতি যাব পৰা নাছিল।
পিছে উঘাৰ পৰা সূতাডাল লৈ গৈ
আকৌ উভতি নাহিলে কাপোৰখনো দেখোন নোলায়।

নঙলামুখ পাওঁতে পাওঁতে আমাৰ ভোক লাগিছিল
ভোকত ঘৰৰ মানুহ ঘৰলৈ ওভতে
আমিও উভতিছিলোঁ

ভোকে ভাগৰে কণমানি ছোৱালীজনীৰ দৰে তুমি লেঙেৰিয়াইছিলা
ঘৰমুৱা বাটতো যে পৰুৱাই পায় নাজানিছিলোঁ
ভোকৰ বাটত ৰেলৰ আলিত ছিন্ন ভিন্ন হৈছিল তোমাৰ শৰীৰ

তোমৰ ছিগা হাতখন হাতেৰে ধৰি
উভতি আহি মই পিৰালি পাইছিলোঁহি

পিৰালিৰ পৰা নঙলামুখলৈ গৈ
আকৌ একেটা পিৰালিলৈকে উভতি আহিব নোৱাৰি।।
Art: Mayur Rajbonshi


No comments:

Post a Comment