মেঘ ডিঙৰাতে জোন সদাগৰে
বণিজ বেহাবলৈ যায়
জপৰা চুলিৰে এজুপি তামোলে
ডিঙি মেলি মেলি চায়
দুগৰাহ খাই শুদাই
নিকাই
সোণ মোৰ টোপনি যায়।।
ইকাণে সিকাণে কলপাতবোৰে
বিয়নী মেল বহায়
নিশা পৰে পৰে জোন সদাগৰে
কিনো
কথা কৈ যায়
সোধে সোণ বা শুলে
নে নাই
সোণ মোৰ টোপনি যায়।।
ৰূপালী চেলেং মেৰিয়ালে গাত
ৰূপে সৰি সৰি পৰে
সোণোৱালী দাইল ৰূপোৱালী ভাত
জিলিকি জিলিকে উঠে
হেনো বাটে বাটে কৈ
যায়
আজি সোণ লঘোনে নাই
আজি কোনো লঘোনে নাই।।


No comments:
Post a Comment