আবেলিটোৱে ছহিদ স্মাৰক মৌন
শোক সভা পাতিব খুজিছে
ক’লাই ছানি অনা আকাশ আমিয়েই
পোহৰাই ৰাখিম বুলি
আপ্ৰাণ যুঁজি যুঁজি
এতিয়া বোকাত লুতুৰি পুতুৰি
হৈ আছে যোদ্ধা সোণাৰুৰ ফুল
মন ভাল লগা বিষাদৰ জামৰি পৰা
মালা এধাৰি
লিৰিকি বিদাৰি
উচুপি আছে ইমন কল্যাণ
বৰষুণৰ শেষত সকলো ৰৈছে স্থিৰে
মাথোঁ মূৰ দুপিয়াই শুনিছে কচুপাতবোৰে।।
No comments:
Post a Comment