প্ৰেমত মধ্যম পন্থাৰ কোনো স্থান নাই।
একেটা সূত্ৰতেই মধ্যম পন্থা নাখাটে
কবিতাত। কবি হোৱাৰ কোনোটো পথতে
অকবি হোৱাৰ অৱকাশ মুঠেই নাই।
থাকিলে হেৰুওৱাৰ ভয়, প্ৰেম হেৰায়।
থেৰো গেৰো খোজে নিব নোৱাৰে কোনো বাটে।
সৎ কিম্বা অসৎ। নৰয় একো তাৰ মাজতে।
আচলতে ৰাজনীতিতো সূত্ৰ
একেটাই।
বুৰালে আপাদমস্তক বুৰায়, আৰু নুবুৰালে নাই।
ভাললগাৰ দুবৰি ভালপোৱাৰ পথাৰত নগজে
।
ভ্ৰমণৰ কথা ভবাৰ লগে লগেই আৰম্ভ
হৈ যায়
ভ্ৰমণ প্ৰক্ৰিয়া। ওভতনিৰ
আকাংক্ষাও য’ত নৰজে।
বাৰু, জীৱন এটাকো
জানো কোনোবাই আধাকৈ জীয়ায়?
খুশ্ৰুৰ নদীখনত পাৰ নুবুৰিলে নাপাবা
সহজে।

No comments:
Post a Comment