সুৰফাক
তালেৰে পাখোৱাজ বাজিছে
দেওপাহাৰৰ
টিঙকো দেই আহি
মোৰ
বাৰীৰ তামোলজোপাত লাগি ৰয়হি
যি
মেঘালী
চতুৰংগৰ
লহৰি তুলি
আজি হৈ
উঠিছে বাউলী
আকাশ
আগুৰি আগুৰি ছানিছে ভূপালী
কালিদাসৰ
এশ এঘাৰটা স্তৱক
অছিল
তোৰ বাবেও
তোৰ
বাবে আছিল
ৰবীন্দ্ৰনাথৰ
দুহেজাৰৰ মাজৰ এহেজাৰ গীত
মেঘালী
হাতীৰ
কাণ ঘোঁড়াৰ কাণ
কাণখোৱাৰ
ঘৰ থান বান
অনাহক মন বেয়া লগাবোৰ পুলিয়ে পোখাই উঘালি
মহতীয়াই নে, আজি মহতীয়াই নে
মেঘালী।।
![]() |
| Etching: Samudra |

No comments:
Post a Comment