ছাগামাপানিছা… সখি আজি তুমি
কাৰ ছবি আঁকিছা?
পিঠিত তুলি সৌৱা যক্ষৰ চিঠিৰ
মেটমৰা বোজা
আকাশত অম্বুদ ৰথৰ কাজলবৰ্ণ
জয়ধ্বজা
কেনে ৰাজসিক গম্ভীৰ গতি তুমিতো
সেয়া দেখিছা !!
বুঢ়া মেথাই মূৰ তুলি চাইছে
আকাশ একোবাৰ
এফালৰ পৰা গুমৰি আহিছে এন্ধাৰৰ
উছৱ।
এয়া যে সত্যৰ আগমনী। উঠিছে
নতুন গুজৱ-
এই এন্ধাৰ কাৰাগাৰৰ শিকলি খহোৱা
এন্ধাৰ।
কেনেকৈ এন্ধাৰ হৈ
আহিছে চা এই ভৰ দুপৰীয়াতে
কেনেকৈ যে ৰাগীয়াল আজি ধনশ্ৰীৰ
এই দুপৰীয়া!
ধন মোৰ, ভালপোৱাৰ কথাখিনি কৈ
পেলাম ইয়াতে।
পানী পাই যেতিয়ালৈ লহপহ হ'ব মাটিৰ ঢেঁকীয়া…
(মানুহে বুজি উঠে মানে জ্যোতিৰ
উঁহ থাকে আন্ধাৰতে)
আমি নিজকে ফুচুলাম - আমাৰ আলাপৰে ফল সেয়া।।
![]() |
| Ragmala: Dhanashree |

No comments:
Post a Comment