Saturday, February 5, 2022

আজা নাচ লে’

 আমি পাতিবলগীয়া কথাবোৰ শেষ হৈ গ’ল নেকি?

নে আমি পাতিবলগীয়া একো নাছিলেই?

তেন্তে?

তেন্তে?

এই নিশ্চুপ সময়খিনিক আমি কি নাম দিওঁ

 

ধৰচোন ধৰ ধন হাতখন ধৰ

ৰ চোন ৰ সোণ এইখিন্তে ৰ

 

চা চোন চা

জোন নহয়

তৰা নহয়

ফুল নহয়

পখিলা নহয়

 

সমুখত যিয়েই আছে তাকেই চা

এটা ডাষ্টবিন। এছটা শিল। এখন আকাশ। এটা ভেনামাখি।

অ’ ধন বান্দৰ, চা বান্দৰ চা।

 

[দুৰ্গেশ্বৰ শৰ্মাৰ পৰা কিটোনো শিকিলি তেন্তে!]

 

গা চোন গা কিবা এটা

গান নহয়। নিচুকনি নহয়।

কিশোৰ কুমাৰ নহয়। কুমাৰ শানু নহয়।

ক্লাছিকেল নহয়। পপুলাৰ নহয়।

যি মন যায়

‘তুই গান গা ইচ্ছামতো’

 

নাগৱ?

হ’ব দে, নাল্গে দে 

শুই থাক এতিয়া

 

[আমনি সকলোৰে লাগে। লাগিবই পাৰে।

এটা কথা ভাবিহে ভয় লাগে

নিতে নিতে ঘূৰি ঘূৰি পৃথিৱীখনৰ এদিন

ভাগৰ লাগে যদি?]

 

আমালৈ লাভৰ মূৰত থাকিলগৈ এখন ডিছপোজেবল পৃথিৱী

অ’ মন, এতিয়া শো।।

 

[বিঃ দ্ৰঃ- শুবৰ মন নাই? নাচিবৰ মন? নাচ তেন্তে।

পৃথিৱীখনেতো নাচিয়েই আছে ২৪ X ৭X ৩৬৫ অবিৰাম!]


Art: Abhilash Kaushik


No comments:

Post a Comment