Saturday, February 5, 2022

ফু দে

 দং দং কৈ মহিলাসকল আগবাঢ়িছে

হাতে হাতে কটাৰী একোখন 

আলু কাটিবগৈ লাগে

হেৰীয়াৰ ঘৰত ভোজ আজি 


খমখম মেখেলা খোজ 


এইবেলি ঠেণ্ডা আজোবেলিতকৈ বেছি 

এইবেলি ঠেণ্ডা তেজোবেলিতকৈ বেছি 


কাৰ বাৰীয়েদি গ’লে বাট চমু হ’ব? 


মৰাঘৰীয়াৰ সকাম 

সিয়োতো এক উছৱ 

জীৱনৰ, অস্তিত্বৰ

চৰম উছৱ! 


অহাজন আহিব। যোৱাজন যাব।

অহাজনৰ বাবে আমি উছৱ পাতিম

যোৱাজনৰ বাবে আমি উছৱ পাতিম


এই যে মাজৰ থকাখিনি 

আমি এনেকৈয়ে থাকিম 


এইখিনিতে।


জুই যেনেকৈ

থকালৈকে থকা


ফুৱাই দিলেই জ্বলি উঠা

ফুৱাই দিলেই নুমাই যোৱা 


যিয়ে যেনেকৈ পাৰ, ফু দি যা

হেৰাক্লিটাছ 

ফু দে, ফু।।




No comments:

Post a Comment