Sunday, February 13, 2022

চেফটী পিন


চেফটী পিন সভ্যতাৰ মজাৰ উদ্ভাৱন 

ইয়াৰে কাণ খৰকিয়াবলৈ ভাল


ইমানেই ভাল যে ইয়াৰ সন্মুখত 

প্ৰফেছনেল ইয়েৰ-বাগেও পাত্তা নাপায় 


চেফটী পিন যিমানেই মজাৰ 

সিমানেই মজাৰ ইয়াৰ নমেনক্লাছাৰ 


চেফটী পিন মাল্টি টাস্কিং

মোবাইলৰ চিম বাহিৰ কৰিবলৈ উপৰ্যুক্ত আহিলা 

নতুনকৈ কিনা তেলৰ বটলৰ সাঁফৰখনত 

ফুটা কৰিবলৈকো ভাল 


সকলোৰে উৰ্ধত যিটো কাম চেফটী পিনে কৰে

সেয়া কওঁ শুনক 

লক্ষ্মী পূজাত সাধাৰুৰ মেলাত ছোৱালীহঁত 

জাকে জাকে যায়, মেলা বহে, চকৰীত উঠে

মণিহাৰী দোকানৰ জমক থাকে 


সেই ছোৱালীহঁতে লগতে লৈ ফুৰে চেফটী পিন 

হাতত। চাদৰত নহয়। শাৰীত নহয়। ব্লাউজত নহয়। 

সেইখিনিতেহে সেই পিনটো কিয় চেফটী 

সেয়া ওলায়


ল’ৰাই হওক বুঢ়াই হওক

এই যে হাতখন ঘূৰোঁৱাৰ চলেৰে হাতৰ কিলাকূটিৰে

(বিঃ দ্ৰঃ কিলাকুটি মানৱ দেহৰ আটাইতকৈ ইনচেঞ্ছিটিভ অংগ)

ছোৱালীবোৰৰ দুদু স্পৰ্শ কৰিবলৈ আহে 

এই যে ক’তো যেন একোৱেই হোৱা নাই ধৰণৰ ভাও এটা দি

কোনোবাই ছোৱালীৰ টিকাটো চুই থৈ যায় 


ঠিক তেতিয়াই 


তেতিয়াই এই পিনবোৰেৰে খোঁচ মাৰি দিব লাগে হেনো


পিনটো বাৰু পিনেই

লগতে ই এটা চেফটী ডিভাইচ

সেয়ে ই চেফটী পিন

এয়ে অন্ত’লজী এয়ে এপিষ্ট’ম’ল’জী 


এয়ে চেফটী পিনৰ নমেনক্লেছাৰ।





No comments:

Post a Comment