Saturday, February 5, 2022

পৈকান্তিক

না জলৰঙত (water-colour) ভালকৈ নিয়ন্ত্ৰণ পালোঁ

না তেলৰঙক (oil-colour) চম্ভালিব পাৰিলোঁ

শিল্পী হোৱা আৰু নহ’ল

 

ভাষাটোকেনো শুদ্ধকৈ ক’বলৈ কেতিয়া শিকিলোঁ?

তথাপি শিল্পী হোৱাৰ বাসনা নগ’ল

তথাপি লেখক হোৱাৰ বাসনা নগ’ল

 

কোনোবাই চৰকাৰক কওকচোন এখন নতুন অ’ভাৰব্ৰীজ সাজক

তাৰ সৌন্দৰ্যবৰ্ধনৰ টেণ্ডাৰ কাণখোৱাক দিয়ক

এক-শ-বিছ জৰ্দা পান খাই খুবকৈ পিকাম

পিকাই পিকাই ৰঙীন কৰিম

পিকনিত পিকাবু খেলি ডাঙৰ হোৱা আমিয়েই একোএকোজন পিকাছো

 

অস্বাভাৱিক বায়ুস্তাপত গোধূলিৰ পশ্চাদপটত এখন পিকৰঙী আকাশ

গাইপতি শুকাই টোটোৰা পৰা একোখনকৈ পিকৰঙী হৃদয়

গেৰুৱা হ’ব খুজি পিকৰঙী হোৱা এজাক অৰাজনৈতিক

এখন পিকৰঙী অ’ভাৰব্ৰীজ

 

উন্নয়নৰ যুঁজত ‘পিক’ ল’বলৈ

আৰুনো কি লাগে এইখন পিকৰঙী মহানগৰক?




No comments:

Post a Comment