গাঁৱৰ বাট। এক প্ৰাচীন কাল্পনিক সভ্যতাৰ
ধ্ৱংসাৱশেষৰ মাজেদি বাট বুলিছোঁ।
এজন মডাৰ্ণিষ্টৰ কলাঘুমটি।
অসীমত যাৰ হেৰাল সীমা। ৰোমাণ্টিকতাৰ শ্লাঘা।
ভোগৰ দিনৰ আনন্দ বুলি বাঁহনিৰ সিপাৰৰ পৰা
কাৰোবাৰ কিৰিলি ভাঁহি আহিছে।
আনন্দও য'ত নিয়তিৰ নিষ্ঠুৰ পৰিহাস যেন লগা হয়।
কালান্তৰ ঘোষণা।
ভোকৰ মূল্য নোহোৱাকৈ ভোগৰ মৰ্যাদা নৰয়।
এনে এষাৰ কথাই মনলৈ আহিছে।
#কাণখোৱাৰভোগালী
No comments:
Post a Comment