বুকু উজাৰি যি কৰিছা দান
কিদৰে দিওঁ তাৰ প্ৰতিদান
ৰুমিৰ বাৰন্দাখনত বহি আছোঁ
এজাক চৰাইৰ কলৰৱ শুনিছোঁ
মাক চৰাইজনীয়ে কণীটো ভাঙি নিদিয়ে
নিমাখিত পোৱালিটোৱে
নিজেহে ভাঙি ওলাই আহিব লাগে
পৃথিৱীখন নিজে জাতিষ্কাৰ হৈছিল
সমুখত আইনা এখনো নোহোৱাকৈ
নিজে কৰিছিল প্ৰসাধন
অ’ মন
তই তোৰ খোলাটো খুটিয়াই ভাঙি
কেতিয়া বাজলৈ ওলাবি
আকাশ আলোক তনু মন প্ৰাণ
কিনো বুজিছিলোঁ কিনো বিচাৰিছিলোঁ
তোৰে মোৰে হাতত যিখন পৃথিৱী
এজাক যুদ্ধোন্মাদৰ হাততো
সেই একেখনেই পৃথিৱী
পৃথিৱী এখনেই
This comment has been removed by the author.
ReplyDelete