Friday, April 28, 2017

বৰষুণে তিয়াই মাটি কৰিছে জীপাল (গান)

        এন্ধাৰত শব্দই পায় প্রাণ
        টোপ টোপ চকুলোৰ ছন্দতে তোৰ
        জাগে মোৰ গান...

বৰষুণে তিয়াই মাটি কৰিছে জীপাল
লুণীয়া চকুলোৰে তোৰো তিতিছে দুগাল।
তাতে নো কি সোণ ফলে
তাতে নো কি ফল ধৰে
হাতৰ তলুৱাত মোকো দি দে এটোপাল
        তাৰ দি দে এটোপাল...

অথলে যাব নেকি এই মুকুতা ধাৰি
যতনে গোপনে খা নোকোৱা কথা
হিয়াৰে তাপত গলি আহে নিগৰি
এন্ধাতে তাক জাহ যাব নিদিবি...  

টোপাল টোপাল গণি পোৱাল মণি
তো চকুলোৰে হ’ম মই যে ধনী
নৈ হৈ যদি বয় দুচকু পানী

তাতে মই বাই যাম সাহ তণী...  

Artist: Jesingpha

No comments:

Post a Comment