Sunday, April 16, 2017

আজি যে মোৰ দিগ্বিজয়ৰ দিন

আই, ভয়ে ভয়ে সপোন দেখা চান্দমুখ তোমাৰ
আজি আকৌ এবাৰ  দিগ্বিজয়ৰ বাবে নিজকে সাজিছোঁ মই
তোমাৰ হাতেৰে বোৱা কবচ কাপোৰ
বিচাৰি নোপোৱা হওঁ আই

চকুৰ লোতক বাগৰিছে, হাতৰ তলুৱাৰে মছিব খোজা নাই
ৰ’দতে শুকাওক, অথবা ধুই নিয়ক বৰষুণৰ পানীয়ে
যি ৰ’দত শুকায় তোমাৰ হাতৰ মাৰ দিয়া সূতা এনেছা
লহপহীয়া হয় মাণিমুণি শাক যি বৰষুণত

আজি দেখোন আই
মই শিৰৰ মুকুটটো ভালকৈ বান্ধিব পৰা নাই
তুলসীৰ তলত চাকি এগছি দিয়া
আজি যে মোৰ দিগ্বিজয়ৰ দিন।।


['শতফুল থিয়েটাৰ'ৰ কবিতা] 


No comments:

Post a Comment