ৰ’বা, মই এতিয়াও সাজু হোৱা নাই
ছোঁঘৰৰ পৰা মই
বাজ হোৱালৈ অলপ ৰ’বা দেই
সকলো প্রতীক্ষাৰ অন্ত পেলাই শেষ চৰাইটি উভটি অহালৈ
ধূলিয়ৰি বাটেৰে ম’হৰ জাকটো ঘৰমুৱা হোৱালৈ...
ভেড়াৰ জাকটোৰ শেহৰটো ভেড়া বাদ পৰি নোৰোৱালৈকে...
ৰ’বা অলপ
ঠিক কিয় ক’ব পৰা নাই,
কিন্তু মই
এতিয়াও সাজু নহয়
পৰিধি নেমানি আগবাঢ়ে কিছুমান হেঁপাহ- নিলীমাৰ
সীপাৰে আকাশ ছেদি
কিছুমান হেঁপাহৰ আঁত হেৰায় সৰিয়হনিৰ
হালধীয়া সাগৰত উটি
অলপ অপেক্ষা মাথোঁ শীত শেষ হৈ ফাগুণে
প্রথমজাক বৰষুণক মাতি ননালৈকে
পৰুৱাৰ জাকবোৰ গাঁতৰ পৰা ওলাই নহালৈকে
ৰ’বা দেই, কাবৌ কৰিছোঁ, ৰ’বা দেও
মই সাজু হৈ উঠা নাই এতিয়াও
মোৰ পলম হোৱাৰ কাৰণ কোনখিনিত ধৰিব পৰা নাই
কিন্তু জানোঁ মাথোঁ যে মই এতিয়াও প্রস্তুত নহয়
পৃথিবীৰ শেষ নদীখন নমৰালৈকে
শেষ সূর্যটো নুবুৰালৈকে
চৰাইৰ চুবুৰিৰ শেষৰ সন্মীলনখন হৈ নোযোৱালৈকে
শেষ কের্কেটুৱাটোৱে শেষ জাপটো নমৰালৈকে
সম্ভৱ মোৰ ক্লীৱত্বই
বাট চাই আছে
নির্জনতাৰ শেষ জুইকুৰা জ্বলি ছাঁই হৈ নোযোৱালৈকে
ওহোঁ, সঠিক কৈ ক’ব নোৱাৰিম
কথাবোৰ অন্যধৰণৰো হ’ব পাৰে
হয়তোবা শিশুটিৰ শেষ কান্দোনটি শেষ হোৱালৈ মই বাট চাই আছোঁ
অথবা সেইটো মুহূর্তলৈ যেতিয়া তোমাক মই পুৰাকৈ পাই উঠিম
দূৰণিৰ কৰবাৰ পৰা চিঞৰ এটা ভাঁহি আহিব বুলি মই রৈ আছোঁ
নহ’লেবা চিৰপ্রত্যাশিত অথচ একান্ত অপ্রত্যাশিত একুৰা জুই
মোৰ নিজৰ মাজতে জ্বলি উঠিব যিদিনা, সেই দিনটোলৈকে মই
ৰ’ম
যিদিনা তোমাকো জ্বলাম, ময়ো জ্বলিম।
তোমালোকৰ সান্নিধ্যৰ উমাল প্রত্যুষত মই ওলাই আহিম
সেই ছোৱালীজনী বেলি যে বুৰে, ঠিক ক’তেনো বুৰে
তাকে চাবলৈ গুছি গৈছিল (জানিবা তাই সঁচায়ে দেখাহে পাব)
নদীৰ মোহনাত নে পাহাৰৰ সিপাৰে
হয়তো তাই যিদিনা সন্তুষ্টিৰ হাঁহি এটা লৈ উভটি আহিব
সিদিনাই... ঠিক সিদিনাই ... হয়তো
... মুঠতে যিয়েই নহওক, মই বাট চাই আছো মোৰ ক্লীৱত্বৰ শেষ
দিনটোৰ বাবে
ক্ষুদ্রতম ধূলিকণাটোৱেও যিদিনা নিজৰ প্রাপ্য বিচাৰি পাব
হেজাৰ ভেঁড়াৰ জাকত এটাও ভেঁড়া থাকিব যি উভটি বাট বুলিব
অথবা শেষ হ’ব খোজা শেষৰ খন নদীয়ে উভটি জীৱনৰ কথা ক’ব
ৰ’বা অলপ, অলপ ৰ’বা, মই সাজু হোৱা নাই
অলপ ৰ’বা, ৰ’বা দেই, বাৰে বাৰে কওঁ
ৰ’বা নে?
মই সাজু হওঁ...
No comments:
Post a Comment